পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
পৰীক্ষিৎ বধ
 

ভাদ্ৰ মাসে ৰোহিণী অষ্টমী শুক্লপক্ষ।
মধ্যাহ্নত মঙ্গলবাৰে দংশিলা তক্ষক ॥১১৪
তক্ষকৰ দংশনত পৰ্ব্বত হোৱে চিৰ।
ভস্ম হৈলা পৰীক্ষিৎ মনুষ্য শৰীৰ॥
দেখিয়া সকল লোকে কৰে হাহাকাৰ।
সিংহাসন হৈতে পৰে হইয়া অঙ্গাৰ॥১১৫
কৈতৰা ব্ৰাহ্মণ কৈত বদৰিকা ফল।
অন্তৰীক্ষে তক্ষক নাগ পলায় প্ৰৱল॥
জন্মেজয় সৈতে সেই ৰজাৰ মহিষী।
বিলাপ কৰিয়া কান্দে ভূমিতলে বসি॥১১৬
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালি।
সাৰাদাৰ ক্ৰন্দন বুলি একই লেছাৰি॥

দিহা

 অনেৰে কান্দে সাৰদা বাণী।
উঠৰে প্ৰাণৰ নাপ, আমাক লগাও মাত,
 চন্দ্ৰবংশ আজি হৈলা অন্ধকাৰ॥১১৭
উত্তৰাৰ গৰ্ভে তোমা  বধিছিলা অশ্বত্থামা,
 অপাণ্ডবা কৰিতে কাৰণ।
মায়েৰ স্মৰণ জানি  ৰাখিলেক চক্ৰপাণি,
 আপনি আসিয়া নাৰায়ণ॥১১৮
কুক্ষণে মৃগয়া কাজে  গৈলা প্ৰভু বনমাজে,
 তাতে হৈলা বিধিৰ ঘটন।