পৃষ্ঠা:পৰীক্ষা.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষা।

হৰৰ কঠোৰ যোগ—তাৰ এনে অপমান।
এই কুল-ধনু লই, জুড়ি ফুল-বাণ,
আকৰ্ণ বিস্তাৰি কৰে যেতিয়া সন্ধান,
তিষ্ঠে তাৰ আগে কোন হেন ভূতলত?
সেই কুসুমৰ ধনু, কুসুমৰ বাণে,
সুকুমাৰ কুসুম সন্ধানে, যুৱতীৰ
মনোমোহা সাজে চাৰু সজায় বৃদ্ধাক,
বৃদ্ধ সাজে আনন্দতে যুৱকৰ প্ৰায়;
অতুল আনন্দে আনন্দৰ অজ্ঞানতা
কৰি আলিঙ্গন, অজ্ঞান আনন্দে মজে;
কঁপে হিয়া দুৰু দুৰু; ইন্দ্ৰিয় অবশ।
অনন্দ-বিজুলী-যোগে; কি যে এক ভাৱে,
কি যে এক স্পৰ্শে, সৰাজ অচল কৰে
জ্ঞান কৰ্ম্মেন্দ্ৰিয়ে। অজ্ঞাত অবৰ্ণ এক
স্বৰ্গৰ ৰাজ্যত, অজ্ঞাত অবৰ্ণ্য এক
ভাৱমোহে কৰে আবৰণ। তাতে, সখি!
অতুল সম্পদ তব, অনন্ত যৌৱন-
প্ৰফুল্ল কুসুম শোভা, পিককুহুতান,
ভ্ৰমৰ গুঞ্জন, মলয়াৰ আলিঙ্গনে
সুমধুৰ মৃদুমন্দ লতিকা-নৰ্ত্তন