পৃষ্ঠা:পৰীক্ষা.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পঞ্চম দৃশ্য।

উৰ্ব্বশী।— বুজিছোঁ এতিয়া, দেৱ! কাম-বসন্তৰ
 এই কদাচাৰ। পুণ্যময় যি সৌন্দৰ্য্য
 পবিত্ৰ উত্তম, যাৰ স্পৰ্শে পুণ্যলোক
 পায় তেতিক্ষণে, তাৰ এনে ব্যভিচাৰ!
 নিশ্চয় শাপিম আজি মদন-বসন্তে।
 অনঙ্গত্ব যাৰ মহাদেৱৰ শাপত,
 হ’ব আজি আত্মাশূন্য় উৰ্ব্বশী কোপত।
 (মদন আৰু বসন্তৰ প্ৰবেশ।)
মদন।— ক্ষমা কৰা, দেৱি! ক্ষমা কৰা আমাসাক।
 নুবুজি কৰিলোঁ আমি অতি দুৰাচাৰ,
 নুবুজিলোঁ দুষ্টবুদ্ধি তোমাৰ মহিমা,
 দয়া কৰি এইবাৰ কৰা কৃপা-দান।
বসন্ত|—  ৰূপদানে, মহাদেৱি! সৌন্দৰ্য্য়-আধাৰ!
 সজাওঁ তোমাক সদা। ক্ষমা এইবাৰ,
 ভবিষ্যতে যাতে দাসে সাধিব কৰ্ত্তব্য।
জ্ঞান।—  দোষহীন, হে সুভগে! বসন্ত-মদন।
 চোৱা শুভে! ঈশ্বৰৰ সুৰাজ্য বিশ্বত
 উত্তম-অধম-ভেদ, সুনীতি-কুনীতি,
 একোৱেই সাবশেষ অস্তিত্ব নাথাকে।
 পৰম বিজ্ঞানী আৰু পৰম উজ্জ্বল,