পৃষ্ঠা:পৰীক্ষা.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
তৃতীয় দৃশ্য।

 অনাদি অনন্ত জ্ঞান, অটল, অচল,
 সাগৰ-গম্ভীৰ, বৎস!—কিন্তু নুঠে তাত
 বাত-বিক্ষোভিত-উৰ্ম্মি—জ্ঞান-সমুদ্ৰৰ
 জল সততে গম্ভীৰ জলদ-বিহীন
 তাৰকাখচিত মধ্য-ৰাত্ৰি-নতঃ প্ৰায়।
 ইন্দ্ৰিয়ৰ অল্প তাড়নাই,অল্প উত্তেজনা,
 চঞ্চলে কম্পয় যিবা, সিটো কিবা জ্ঞান!
 অতি ক্ষুদ্ৰ সফৰীৰ সামান্য আঘাতে
 যিবা উচ্ছে আন্দোলিত, সি কি পাৰাবাৰ!
 নৈবেদ্য়ৰ দেখি কিবা প্ৰাচুৰ্য্য় বা আন,
 সন্তোষ বা ৰোষ বাৰ, সি কি নিৰ্ব্বিকাৰ
 নিৰাকাৰ নিৰ্গুণ ঈশ্বৰ বিশ্বৰাজ!
 প্ৰকৃতে উপেক্ষে ভণ্ডে; তাৰ ঠাই থাপে
 কৃত্ৰিমক; প্ৰকৃত বুলি পূজা-বলি-দানে
 পূজে তাক; পৰীক্ষাৰ যেতিয়া সময়
 কৃত্ৰিমৰ কৃত্ৰিমতা হয় প্ৰকাশিত।
 সংসাৰৰ প্ৰলোভন নোৱাৰে এড়াব,
 ইন্দ্ৰিয়ৰ আজ্ঞা-দাস, অসংযত-চিত্ত,
 জ্ঞানৰূপ অজ্ঞানতা, দুঃখৰূপ সুখ,
 কনকে আবৃত সিটো পিতলৰ মণি।