পৃষ্ঠা:পৰীক্ষা.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
দ্বিতীয় দৃশ্য।

 শাস্ত্ৰৰ বচন শুনা, দেবি! ভয়াতুৰ,
 কামাতুৰ, ক্ষুধাতুৰ জনে দিয়ে জ্ঞানে
 জলাঞ্জলি। কাম-আদি প্ৰবৃত্তি নিচয়
 অসংযত অতি। জ্ঞানৰ সম্পূৰ্ণ শক্তি
 স্বল্পৰ মনত, দেবি! দেখিবা চিত্ৰিত।
 যোৱা, শুভে! নকৰিবা ভাব। অচিৰতে
 পূৰ্ণ বাঞ্চা হ’ক তোমাসাৰ।
বসন্ত।—  মোৰ বৰে, দেবি! হোৱা পৰম ৰূপসী;
 কামৰ কিৰণে হ’ক বিকচ নয়ন।
 ফুটি ফুটি বাজ হ’ক ৰূপৰ তৰঙ্গ,
 থেৱে থেৱে থেৱে নাচ’ক হাঁহ’ক।
 সেই স্ৰোত, সেই ৰূপ, সেই উৰ্ম্মি, ভদ্ৰে!
 পাৰ্থ তৃণে উটাব বুৰাব; সাগৰত
 অপাৰ মোহৰ ৰাখিব ডুবাই।
অপ্সৰী সকল।—  প্ৰণাম ৰাজীব-পদে। কৰা আশীৰ্ব্বাদ-
 হয় যেন সৌন্দৰ্য্য়ৰ লীলা-খেলা পূৰ।
 সৌন্দৰ্য্য সহিত মিলি সৌন্দৰ্য্য়ৰ স্ৰোত,
 তাহান সহিত উঠি সৌন্দৰ্য্য়-তৰঙ্গ,
 তাতে যেন ডুবি থাকে সভাসদ জন।
 (প্ৰস্থান)।