এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
দ্বিতীয় দৃশ্য।
আহ্বান কৰিছোঁ আমি।
আহা আহা, দেৱ!
লোৱা লোৱা সেৱ
চৰণে পৰিছোঁ নমি।
আমি সোণৰ বৰণ,
কনক-কিৰণ,
সদা যেন গাৱে মাখোঁ।
সদা সুখে ডুবি থাকোঁ।
আমি শৰতৰ ঘন,
মলয় পবন,
আনন্দ শৰীৰে মাখোঁ।
সদা সুখে ডুবি থাকোঁ॥
⸻
(মদন আৰু বসন্তৰ প্ৰবেশ।)
অপ্সৰী সকল।— দাসীসব নমে দেৱ-পদে।
মদন।— কোৱা, শুভে!
কিয়বা অকালে আবাহন।
বসন্ত। কিবা কাম, ভদ্ৰে!
সুন্দৰ মূৰতি, স্বৰগৰ জ্যোতি: তোমাসব;
উপবন তোমাসাৰ নন্দন-কানন;