পৃষ্ঠা:পৰীক্ষা.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য।

 দয়া-মায়া-বিদ্যা-ধন বন্ধনৰ ৰজ্জু;
 কৰীৰ বন্ধক-চৰ দশেন্দ্ৰিয় আৰু।
 বিবেকৰ উপদেশে দশেন্দ্ৰিয়ে কৰে
 উন্মত্ত কৰীক বদ্ধ বন্ধন-ৰজ্জুৰে।
 বিবেক-চালনাহীন যেতিয়া কুঞ্জৰ,
 ৰজ্জু ধৰে বনৰূপ, বন্ধক ৰক্ষক;—
 দয়া-মায়া-বিদ্যা-ধন-কানন ভিতৰে
 লুকায় উদ্দাম মন; ৰক্ষে সাৱধানে
 তাক দশেন্দ্ৰিয়ে। সেই হেতু বাছাধন।
 মানবৰ হিতাকাঙ্ক্ষী তোমাদুয়োজনে
 হ’বা বিবেকৰ বন্ধু, জ্ঞানৰ সুহৃদ।
 তাৰ ব্যতিক্ৰমে, বৎস! কাঁদে মোৰ প্ৰাণ।
 কিয়নো বা আচৰিবা হিংসা মোৰ প্ৰতি,
 দ্ৰোহ ঈশ্বৰৰ। লোৱা, বৎস! পৰামৰ্শ,
 মানবৰ হিতে কৰা শক্তিৰ নিয়োগ।
মদন আৰু বসন্ত।— শিৰধাৰ্য্য দেৱ! সাধু উপদেশ তব।
জ্ঞান।—  কুশলে থাকিবা, বৎস! পালা ঈশ্বৰৰ
 মহৎ আদেশ; জ্ঞান-বিবেকৰ সদা
 উপযুক্ত উপকাৰী হোৱা অনুচৰ৷
 (প্ৰস্থান।)