পৃষ্ঠা:পৰীক্ষা.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষা

কিবা বা সৃষ্টিৰ, বৎস! উদ্দেশ্য মহান্
বুজা নাই হতজ্ঞান জ্ঞানে এতিয়াও;
নপশে বধিৰ কৰ্ণে ঈশ্বৰ-আদেশ।
কিন্তু, বৎস! দেখি প্ৰকৃতিৰ গতি, দেখি
প্ৰকৃতি-প্ৰকৃতি, মনে ভাবোঁ— প্ৰকৃতিয়ে
জগতৰ পৰমেশ-নিয়ম-নিয়ন্ত্ৰী।
প্ৰতিদিন তটিনীৰ গতি অবিৰাম,
স্থাবৰ জঙ্গম বৰ্দ্ধমান, মৃদুমন্দ
সমীৰৰ ভয়ঙ্কৰ ঝটিকা-আকৃতি,
ৰবিৰ প্ৰখৰ কৰ, গিৰি-তুঙ্গ-শৃঙ্গ,
সুশীতল শশধৰ কিৰণৰ মালা,
আকাশৰ নীলকক্ষহন্তে নক্ষত্ৰৰ
গবাক্ষে বেক্ষণ, সদা ভবায় মনক,
“নিয়ম অধীন সৃষ্টি, জীৱ নিয়ম অধীন,
নিয়ম অধীন এই বিশ্ব চৰাচৰ।”
মানবৰ দেখি ৰীতিনীতি, দেখি তাৰ
আচৰণ, প্ৰাকৃত-শিক্ষিত, মনে হয়—
উদ্দাম মানব মন উন্মত্ত কুঞ্জৰ;
তাৰ চালনাৰ হেতু মাহুত বিবেক;
জ্ঞান তাৰ চিৰচৰ, অঙ্কুশ স্বৰূপ;