মাইকীৰ লগত দ্বন্দ্ব কৰা, ল’ৰা ছোৱালীক গালি পৰা, ইত্যাদি নানাপ্ৰকাৰ শব্দ তাৰ কাণত পৰিছেহি। সি উচ্পিচ কৰি ইফাল-সিফাল কৰি আছে। অথচ তাৰো মাতিবৰ সাহ হোৱা নাই। কাৰণ, এই ঘৰ হৈছে স্কুল চোৱা বাবু ছব-ইন্সপেক্টৰৰ আৰু সি নিজে এজন পণ্ডিত কামৰ প্ৰাৰ্থী।
প্ৰায় তিনমান বজাত চকু-মুখ মোহাৰি মোহাৰি গাত গেঞ্জি এটা পিন্ধি আৰু হাতত হোকা এটা লৈ বাহিৰলৈ স্বয়ং ছব-ইন্সপেক্টৰ ওলাই আহিল। তেওঁ অহাৰ সঁহাৰি পাই ল’ৰাজনে খপ্ কৰে বেঞ্চৰ পৰা উঠিল। আৰু আহি সমুখ পোৱা মাত্ৰকতে হাতযোৰ কৰি কঁকাল হলাই চালাম কৰিলে। ছব-ইন্সপেক্টৰে সুধিলে, “কি হ’ল, ক’ৰ পৰা ওলালাহি তুমি? কিবাচোন তোমাৰ নামটো?”
ল’ৰা— জয়ৰাম, দেউতা! দেউতাক এবাৰ সেৱা জনাই যাবলৈ আহিলোঁ। চাপ্ৰাছীক এবাৰ মাতিব লাগিছিল!
ছব-ইন্সপেক্টৰ— (হাঁহৰ ডিমা আৰু ঘিঁউলৈ চাই) এইবোৰ কি আনিছা? নাপায় নহয় চৰকাৰী বিষয়ালৈ আনিবলৈ।
ল’ৰা— শুদা হাতে আহিবলৈ বেয়া লাগে, দেউতা।
ছব-ইন্সপেক্টৰ— বাৰু, আনিছা, ভাল হৈছে দিয়া। তোমালোকে যেতিয়ালৈকে আনি থাকা, তেতিয়ালৈকে খাই
থাকিম। পাচত আকৌ বেনামী দৰখাস্ত নকৰিবা।