পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পণ্ডিত বাবু

(এক)

 নগৰৰ মাজতে এঘৰ মানুহৰ বাহিৰৰ ঘৰ এটাত বেঞ্চ এখন পতা আছে। ৰ’দ-বৰষুণ পৰি বেঞ্চৰ কাঠ ধোঁৱা ৰঙৰ হৈ উঠিল, এটা খুটা ঢিলা হোৱা কাৰণে বেঞ্চখন লৰে আৰু খুৰাত লগোৱা দীঘল বাতাম এডাল ভাঙি পৰি আছে।

 হাতত এখাং হাঁহৰ ডিমা আৰু এক চুঙা ঘিঁউ লৈ আহি এটা ১৭/১৮ বছৰমান বয়সীয়া ল’ৰা সেই বেঞ্চত বহিল। ল’ৰাৰ পিন্ধনত এখন ধুতি, ফুলপাৰি, গাত কামিজটোৰ বুকুত ফুল তোলা, কান্ধৰ চাদৰখনত গুণাৰ ফুল। ল’ৰাটোৰ বিশেষ লক্ষ্য কৰিবলগীয়া তাৰ মূৰৰ সেওঁতাটো আৰু চুলি কেইডাল। সেওঁতাটো একেবাৰে প্ৰকাণ্ড কৰি ফলা আৰু চুলি কেইডালত টপ্‌টপ্‌ কৰে বৈ পৰা তেল।

 কিজানি দুপৰীয়া ১২ মান বজাতে ল’ৰাটো আহিল। তাৰ পৰা প্ৰায় দুঘণ্টামান অতীত হ’ল, ভিতৰৰ পৰা

কোনো ওলোৱা নাই। অথচ ভিতৰত চাকৰক ধমকি দিয়া,

[৯৩]