পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 (অধ্যাপকে আৰু গিৰিধৰে হাঁহিব নে কান্দিব বুজি পোৱা নাই। ইফালে-সিফালে চাইছে।)

 সোমেশ্বৰ— দেও মোৰ দোষ হৈছে, দণ্ড দিয়ক।

 গিৰিধৰ— (হাঁহি) দেও, মোৰহে অপৰাধ। হয় ইমানখিনি ল’ৰা আগত থাকোঁতে মই কলবোৰ অকলে খাব নাপাওঁ। সোমাই বোপাই, তুমি মোক ভাল শিক্ষা দিলা। (এইবুলি কৈ লৰ মাৰি গোসাঁই ঘৰৰ পৰা এক আখি কল লৈ আহে।) দেও, এই আখি আপোনাৰ বাবে বাপাহঁতে থৈ দিছে। মই সেৱা কৰিছোঁ, গ্ৰহণ কৰক। (ভৰিত পৰে) মই গোপাল ভোগৰ কাৰণে কল থৈছিলোঁ। ভাল গোপালত লাগিল। আৰু এথুকি আছে। তাকে পঠিয়াওঁ গৈ।

 অধ্যাপক— ওজা, যোৱা। আজি ৰাতিলৈ অলপমান নাম পাতা। চাহাবে টকা দহোটা দিলেই। গিৰিধৰ বাপা আহিবা। হৰকান্ত বাপু আৰু আন আনকো মাতিবা।


 
[৯২]