পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

‘মালাধাৰি দিয়ক’, অধ্যাপকে মালা দিলে। ডিপুটী কমিছনাৰে মালা হালি পিন্ধিলে।)

 দেখি বৰ ভাল পালোঁ। আপোনাক কি লাগে?

 S. I. Schools— They simply wanted to honour your honour, Sir, in the right oriental fashion.

 S. D. C.— Yes, Sir, it is very good of them. They absolutely loyal. No Congress, no politics.

 ডিঃ কঃ— কিমান ছাত্ৰ আছে?

 ওজা— বাৰজন ছাত্ৰ হুজুৰ।

 ডিঃ কঃ— কি দৰমহা পায়?

 ওজা— একো দৰমহা নাই।

 ডিঃ কঃ— একো দৰমহা নাই। কি কৰি খায়?

 ওজা— খুজি-মাগি খায় হুজুৰ।

 ডিঃ কঃ— ওঃ পঢ়ায়, খুজি খায়! Sub-Inspector, what does your department do?

 S. I. S.— Sir, the Tols are not under our department; but under the Assam Sanskrit Board at Sylhet.

 D. C.— Damn it! Why do not they pay

[৯০]