পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্ধিৰ বাঁহ

চাৰিজনমান গৈ ৰঙা কাপোৰখন বাটৰ গেটখনত আঁৰি দে আৰু দুজনে গৈ কালি ৰাতি কাটি অনা পুলি দুটা আনি তাত পোত। (গিৰিধৰৰ প্ৰতি) আপুনিও আহক।

 

তৃতীয় দৃশ্য

[ওপৰত কোৱা দৰে টোলৰ সমুখ সজোৱা হৈছে। টোলৰ গেটতে
অধ্যাপকে হাতত ফুলৰ মালা এডালি লৈ থিয় হৈ আছে। ছাত্ৰবিলাক
দুশাৰী হৈ তাৰ পাচত থিয় হৈ আছে। আৰু
এফালে গিৰিধৰে হাতত চন্দন আৰু প্ৰদীপ ধৰি থিয়
হৈছে। এনেতে ডিপুটী কমিছনাৰ চাহাব,
লগত ছব-ডিপুটী কলেক্টৰ, স্কুলৰ ছব-ইন্সপেক্টৰ,
মৌজাদাৰ আৰু কিছুমান
আন মানুহৰে সৈতে
গেট পালেহি।]

 সোমেশ্বৰ— “জয় কৰ্ণেল মৰ্টনৰ জয়”!

(সকলোৱে তিনিবাৰ জয়ধ্বনি দিয়ে।)

 ডিপুটী কমিছনাৰ— আপুনি Headmaster (অধ্যাপকৰ প্ৰতি)?

(অধ্যাপকে থতমত খায়। সোমশ্বৰে খুচিয়াই দিয়ে—

[৮৯]