পৃষ্ঠা:পৰিদৰ্শন.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্ধিৰ বাঁহ

 ওজা— আমি খালোঁ? কোনে কলে আপোনাক? কি প্ৰমাণ দিব পাৰে? আপুনি মিছাতে আমাৰ টোলৰ এনে বদ্‌নাম কৰি ফুৰে। এই কথা ভাল নহয়।

 (ছাত্ৰবোৰৰ মাজত উত্তেজনাৰ সঞ্চাৰ হয়। সকলোৱে ‘হয় এনে কথা ভাল নহয়’, ‘আপুনি ডাঙৰ মানুহ হৈ আমাৰ এনে বদ্‌নাম কৰে’— ইত্যাদি কথা কয়।)

 গিৰিধৰ— ভাল-বেয়া কি কথা আছে। ভাল কৰিলেহে ভাল কথা ওলায়। বেয়া কৰিলে বেয়া কথাহে ওলাব। টোলখন পাতোতে ভাবিলো বোলে গাৱঁৰ ছলি-পলি মুৰ্খ হৈ যায়, এখন টোলকে পাতে। এতিয়া মুৰ্খ নাই ছলি-পলিবোৰ ডকাইত হে হ’ল। দেও, কি কৰে কৰক।

 ওজা ছাত্ৰ— দেৱে কি কৰিব? আপুনি আমাক মিছা বদ্‌নাম কিয় দিছে? আপোনাৰ কল আমি অনা নাই।

 গিৰিধৰ— কোনে নিলে?

 ওজা— জানো কোনে নিলে? আপুনিহে জানে। কি জানি আপুনিয়ে নি আমাক বদ্‌নাম দিবলৈ আহিছে।

 গিৰিধৰ— দেও, দেখিছে আপোনাৰ ছাত্ৰৰ কথা। এই কি কৰোঁ কওক।

 অধ্যাপক— ৰ’বা গিৰিধৰ। খং নাখাবাচোন। মই ইহঁতক সুধি-পুছি চাওঁ। (ছাত্ৰবিলাকৰ প্ৰতি) হেৰ তহঁতে

মোক ইয়াৰ পৰা খেদাইহে এৰিবি। বামুণৰ গাওঁখনতে

[৮৫]