পৃষ্ঠা:পৰিদৰ্শন.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 ওজা ছাত্ৰ— নহয় দেও! ই হলধৰেও মচিব লাগিছিল। সিও একো নকৰিলে।

 অধ্যাপক— হলধৰ, তই নমচিলি কিয়?

 হলধৰ— মই অকলে মচিম কেনেকৈ, দেও। তাতে কালি খৰি ফালোঁতে হুল এডাল সোমাই হাতখন ফিকি আছে। (হাতলৈ চায় আৰু উঃ উঃ কৰে।)

 অধ্যাপক— তহঁত বৰ বদ্‌মাইচ্‌! তহঁতে মোৰ পঢ়াশালিখন ভাঙিহে এৰিবি যেন দেখিছোঁ। চা-চোন বাৰু, বাহি ঘৰত বহিনো এই শুদ্ধ পবিত্ৰ পুথিবোৰ পঢ়াব পাৰিনে? সাত পুৰুষত নকৰা কাম হ’ল। ওজা!

 ওজা ছাত্ৰ— দেও!

 অধ্যাপক— দিয়া এই গৰুখনক এৰি; চুৱা-পাতত ঘাঁহ খকগৈ। এইদৰে ম্লেচ্ছৰ দৰে থাকিব পাৰিনে? ময়েই ঘৰ মচো। তুমি পানী আনি দিয়া। (সকলোবিলাক ছাত্ৰই ইয়াৰ-তাৰ মুখলৈ চোৱা-চুই কৰে) যোৱা, কি চাইছা?

 ওজা ছাত্ৰ— এঃ দেও, আপুনিনো—

 অধ্যাপক— মই নকৰিলে কোনে কৰিব। সোমাই আৰু হলধৰ এই দুইটাই ডাঙৰ ছাত্ৰ; পাঠতো উঠিছে; ইফালে ভাল মানুহৰ ঘৰৰ ল’ৰা। তাহঁতৰ ভাগৰ বননো কোনে কৰি দিব? (কেইবাজনো ছাত্ৰই মচিবলৈ ওলায়। হলথৰো আহি খুচমুচ কৰি অধ্যাপক আগত থিয় হয়) যাঃ, যাঃ, নালাগে

[৮২]