পৃষ্ঠা:পৰিদৰ্শন.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিবেক-বিপৰ্য্যয়
 

মন দিয়া বৰ টান। সেইদেখি কোনো ছেগত ইন্সপেক্টৰ চাহাবক কৈ-মেলি ৪০৲ টকাৰ এটা মাষ্টাৰী চাকৰি ললে। সম্প্ৰতি সচ্চিদানন্দ সেৱাদাস, আগত কোৱা হৈছে, বৰুৱাবাৰী চৰকাৰী হাইস্কুলৰ এজন মাষ্টাৰ।

 মাষ্টাৰ হৈ তেওঁ তেওঁৰ বক্তৃতা দিয়াৰ অভ্যাস আৰু ব্ৰাহ্ম ধৰ্ম্মৰ নৈতিকতাৰ সূত্ৰবোৰ এৰা নাছিল; বৰঞ্চ এইবোৰৰ চৰ্চ্চা কৰিবলৈ স্কুলত সুযোগহে ঘটিছিল। স্কুলৰ ডিবেটিং ক্লাব, প্ৰাইজ সভা, ছাত্ৰোন্নতি সমিতিৰ বছেৰেকীয়া অধিবেশন, ৰামমোহন ৰায়ৰ বাৰ্ষিক উৎসৱ, ৰামকৃষ্ণ পৰমহংসৰ তিথি পালন ইত্যাদিবোৰত তেওঁৰ বক্তৃতা ধ্বনিয়ে গোটেই সভামণ্ডপ তোলপাৰ লগাইছিল; আৰু তেৱেঁ তেওঁৰ ধৰ্ম্ম আৰু নীতিৰ সূত্ৰবোৰৰ পুনৰাবৃত্তি কৰিবলৈ একোটা সুবিধা পাইছিল।

 সেই সময়ত হেমচন্দ্ৰ বৰুৱাৰ বা আনন্দৰাম বৰুৱাৰ স্মৃতিৰ অৰ্থে বছেৰেকীয়া সভা নবহিছিল; আৰু শঙ্কৰদেৱৰ বা দেৱ দামোদৰৰ তিথিও এতিয়াৰ দৰে পালন কৰা নহৈছিল।

 সেই সময়ত আৰু এটা কথা বিদ্বৎ-সমাজত প্ৰচলিত আহিল যে বি.এ. পাচ কৰা মানুহতকৈ বি.এ. ফেইল কৰা মানুহৰ ইংৰাজী ভাষাৰ জ্ঞান বেচি পূৰা; কাৰণ, ফেইল কৰা ডেকাসকলৰ ইংৰাজী সাহিত্যৰ প্ৰতি ইমান আগ্ৰহ যে, তেওঁলোকে

এই বিষয়ত বৰ বেছিকৈ মন দিয়াৰ কাৰণে বি.এ. পৰীক্ষাৰ

[৩]