পৃষ্ঠা:পৰিদৰ্শন.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

হেড্‌মাষ্টাৰ, চেকেণ্ড মাষ্টাৰ আৰু থাৰ্ড মাষ্টাৰৰ তলত কোনজন কি মাষ্টাৰ সকলো ল’ৰাই ভালকৈ বুজি নাপায়।

 সচ্চিদানন্দ সেৱাদাস নামটো কিছু নতুন। এতেকে কেনেকৈ এই নাম হ’ল তাৰ চমু বুৰঞ্জী কোৱাৰ আৱশ্যক।

 সৰু কালতে পিতৃ-মাতৃদত্ত এওঁৰ নাম আছিল সৎৰাম দাস। গুৱাহাটীৰ আৰু কলিকতাৰ কলেজত পঢ়োঁতে কিছুমান ব্ৰাহ্ম ছাত্ৰৰ আৰু তাৰ পাচত এটা ব্ৰাহ্ম পৰিয়ালৰ সংশ্ৰৱ পাই সৎৰামৰ ঠাইত তেওঁ নাম ললে সচ্চিদানন্দ। আৰু যেতিয়া কলেজৰ পৰা বি.এ. ফেইল মাৰি ওলাই আহিল, তেতিয়া কিছুদিন কতো একো কাম-কাজ যো-জা কৰিব নোৱাৰি দেশসেৱা মহাব্ৰতত জীৱন প্ৰায় উচৰ্গা কৰি ঠায়ে ঠায়ে বক্তৃতা দি ফুৰিলে। সেই সময়ত স্বদেশী ব্যৱহাৰ আৰু বিদেশী বৰ্জ্জনৰ আন্দোলন। এই দেশসেৱা ব্ৰতত ফুৰোঁতে হঠাৎ তেওঁৰ মনত ভাব হ’ল যে, সচ্চিদানন্দ দাসতকৈ সচ্চিানন্দ সেৱাদাস নাম ললে তেওঁৰ মনৰ ভাব, শৰীৰৰ শক্তি আৰু সম্প্ৰতি লোৱা ব্ৰত— এই সকলোটিৰে সুন্দৰ সামঞ্জস্য ৰক্ষা কৰা হয়— তেতিয়াৰে পৰা তেওঁ নাম ললে সচ্চিদানন্দ সেৱাদাস।

 ইয়াৰ পাচত দেখা গ’ল যে, দেশসেৱা ব্ৰতত বক্তৃতা দিবলৈ সুযোগ বহুত ওলায়, কিন্তু পেট পুহিবলৈ তিমান সুবিধা

নাই—নিজৰ পেট পুহিবলৈ কিছু থাকিলেও, পৰিয়ালৰ ফালে

[২]