এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পঢ়াশালি পৰিদৰ্শন
 

 “স্কুল কৰিছে হুজুৰ! পাচে গৰীবৰ অপৰাধ হ’ল। হুজুৰ সকলৰ কোনো জন কিজানিবা চাইকেলতে আহে,— তেতিয়া এই নৈখনত কিবা অসুবিধা হয় বুলি মানুহ এটা ইয়াত বহাই থৈছিলোঁ, সি গধূলি হ’লত গুচি গ’ল। তাকে খবৰ পাই গোলাম ইয়ালৈ দৌৰি আহিলোঁ, হুজুৰ ল’ৰাবোৰকো যাব দিলো। মাফ কৰিব লাগে হুজুৰ।”— বুলি পণ্ডিতে মাটিতে আঠু লৈ পৰিল।

 “বাৰু, বাৰু, এই দোষ মাফ কৰিছে। বুজিছে।” এইবুলি চাহাব বাহাদুৰ টকৰ টকৰ কৰি আগবাঢ়ি গ’ল। লগতে মহকুমাৰ ডিপুটিত বাদে বাকী চাৰিজনো গ’ল। ডিপুটি পাচ পৰিল; কল্পেশ্বৰক সুধিলে, “যোগাৰ আছেনে নাই?” বাকী কেইজন অলপ আঁতৰ হ’লত কল্পেশ্বৰে হাতযোৰ কৰি থাকি লাহেকৈ ক’লে, “আমাৰ সৰু হাকিমকো মাতিব লাগিছিল।”

 “কাক?”

 “সৰু হাকিমক। চব ইনি—”

 “অঃ! ছাব-ইন্‌স্পেক্টৰক। Well—please hear Sub-Inspector,— Sir, kindly go ahead, Sir.” ছাব-ইনস্পেক্টৰ ফিৰি আহিল। ডিপুটিয়ে সুধিলে, “কি যোগাৰ কৰিছা?” “সকলো হৈছে। চিঠি বগাই অহা ১০ মিনিটমানৰ আগতহে পোৱা হ’ল। কেৱল পঠাটোতহে ছমহা

মান ৰূপ দিব লাগিব।”

[২৯]