এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পৰিদৰ্শন
 

ই বৰ ভাৰী বোজাও লব পাৰে আৰু মৰিয়াই মাৰিলেও কেতিয়াও দৌৰ নামাৰে। ইয়াৰ জীন-লেকাম ভাল। বাকীবোৰ ঘোঁৰাৰ কাৰো ৰছীৰ লেকাম, কাৰো থলিয়াৰ জীন; কাৰো ৰেকাবী এপাট, কাৰো পটিৰ ঠাইত মৰাপাট। কাৰণ আটাইবোৰ ঘোঁৰাই গাৱঁৰ পৰা পণ্ডিতৰ হতুৱাই ধৰাই অনা। বাকী পাঁচজনাৰ এজনা সেই মহকুমাৰ ডিপুটি, এজনা সেই মহকুমাৰ স্কুলচোৱা বাবু আৰু বাকী দুজনা ওচৰৰ মহকুমাৰ স্কুলচোৱা বাবু অৰ্থাৎ ছাব্-ইন্‌স্পেক্টৰ। পৰিদৰ্শন শিকাবলৈ বুলি ইন্‌স্পেক্টৰ চাহাব বাহাদুৰে সি মহকুমাৰ পৰা এওঁলোকক লৈ আহিছে।

 চালাম কায়দা দেখিয়েই শ্ৰীশ্ৰীযুক্ত ইন্‌স্পেক্টৰ চাহাব বাহাদুৰে সুধিলে,— I say, Deputy Inspector, who is this man?”

 “He is Sir, the pandit, Sir, of the last school, Sir.”

 “Very well-behaved Pandit you have got, you should be congratulated.”

 “Your favour, sir,”

 “টোমি পণ্ডিত আছে?”

 “হয় হুজুৰ।”

 “স্কুল কৰিছেনে এতিয়া?”

[২৮]