এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পৰিদৰ্শন
 

“কটাৰ পো কটাহঁত আজি আহিব পাৰিছ। কি আনিছ অ’—” পণ্ডিতৰ এনে হুকুম হোৱাত ল’ৰাহঁতে যাৰ হাতত যি আছিল সকলোকে থলে; তেতিয়া পণ্ডিতে কলে,— “যা এতিয়া, আজি স্কুল নহয়। মই চাহাবক দেখা কৰিবলৈ খৰখৰি বঙলালৈ যাব লাগে।” নদাইৰ কাম নিশাতে হৈ আছিল।

 মৌজাদাৰ ঘৰত নাই, মৌজাত। তেওঁৰ চ’ৰাঘৰটো থকা ঘৰৰ পৰা কিছু আঁতৰত— কাছাৰীৰ দৰে। ঘৰটো চাৰিচলীয়া, চূণ দিয়া, দক্ষিণ মুৱা আৰু দক্ষিণৰ ফালে এখন বাৰাণ্ডা থকা; সমুখতে অকণমানি ফুলনিও আছে। আলিটো আহিছে দক্ষিণৰ পৰা উত্তৰলৈ, গতিকে চ’ৰাৰ মুখ আলিৰ ফালে নহয়। চ’ৰাৰ মুখত আলিৰ সিপাৰে ভঙা স্কুল ঘৰ। কল্পেশ্বৰে তেওঁবিলাকৰ চ’ৰাৰ সমুখত সৰু-সুৰা ‘গেট’ বনালে, মানুহ লগাই চাৰিওফালে নিকালে আৰু গেটৰ পৰা চ’ৰাৰ বাৰাণ্ডালৈ দুই শাৰী কলপুলি পুতি দিলে। ইফালে ভাগি থকা স্কুল ঘৰটো যাতে চকুত নপৰে সেইদৰে তাৰ ওচৰত কিছুমান পাত-খেৰ আদি ছেদেলি-ভেদেলি কৈ ৰাখিলে। মানুহে কিবা সুধিলে ক’লে, “চাহাব আহিব আজি! এইবোৰ তহঁতে কি বুজিবি? এইবোৰ ডিকোৰেচন হৈছে।” গাৱঁৰ মানুহৰ বিশ্বাস, কল্পেশ্বৰে ইংৰাজী খুব জানে; আৰু সেইদেখি চাহাব চুহাবৰ কথা তেওঁ যিমান ভু পায় মৌজাদাৰেও তিমান নাপায়।

 স্কুলৰ পৰা আধামাইলমান দূৰত এখন সৰু নৈ আছে,

[২৬]