এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পঢ়াশালি পৰিদৰ্শন
 

— এইবুলি পণ্ডিতে জেপৰ পৰা তিনিটা চুৰট নদাইৰ হাতত দিলে। নদাইৰ চকুত আৰু মুখত তৃপ্তিৰ ভাব ফুটি উঠিল। “বাৰু, হাঁহ-পাৰ হব। পঠাটোৰ হলে ধন দিব লাগিব।” এইবুলি কৈ ভঙা চিলত আৰু ফটা কিতাপটো লৈ নদাই ওলাই গ’ল।

 তেতিয়া পণ্ডিতে বাকী চাৰিজনৰ যাৰ ঘৰত গাখীৰ আছিল তাক গাখীৰ, যাৰ ঘৰত ভাল জহা চাউল আছিল তাক জহা চাউল আৰু বাকী দুটাক খৰি আৰু মাছৰ যোগাৰ কৰিবলৈ হকুম দি বিদায় দিলে। যাবৰ বেলিকা কৈ দিলে, যদি কোনোবাই বস্তু ঠিকমতে যোগাৰ দিব নোৱাৰে, তেন্তে কোবত তাৰ পিঠি ছিগিব।

 

(৫)

 পাচদিনা পুৱা উঠি কল্পেশ্বৰে বগাই চাপৰাছীক মাতিলে; মাতি তাক চাহ আৰু লুচি খুৱালে। দহমান বজাত ভাত খুৱালে, তাৰ পাচত তাৰ হাতত চাহ-চেনি-গাখীৰ, ভজা লুচি কিছুমান, সিজোৱা কণী কেইটামান, প্ৰভৃতি বস্তুৰে সৈতে বগাইক বঙলালৈ গৈ চাহৰ যোগাৰ ৰাখিবলৈ বুলি পঠাই দিলে। বঙলালৈ এমাইলমান দূৰ।

 অলপ পাচতে যথাসাধ্য ভাৰভেটি লৈ ল’ৰা কেইটা

ওলালহি। চাহাব আহিব শুনি ৮/১০ জনমান ল’ৰা আহিছে।

[২৫]