পৃষ্ঠা:পৰিদৰ্শন.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

কম বোলোঁ নিশা হ’ল, হাবিতলীয়া বাট। ঘোঁৰাটো লৈ অলপ দিগ্‌দাৰ হ’ব— চাব বাবুৱেই।”

 

(৪)

 “হেৰ নদাই, উঠ উঠ! গাহৰিটোৱে শুইছেহে শুইছে! উঠ কুকুৰ পোৱালীটো!”

 তেতিয়া কাষত থকা ল’ৰা দুটামানে নদাইক টোপনিৰ পৰা তুলি দিলে। শুই থকা ডেকাজনেই নদাই। “কেলেই আমনি কৰিছে বাবু?”

 “কটা আমনি কৰিছোঁ! গাহৰি! শুনিছ নে নাই শুনা, বন্দীৰ পোৱালী!”

 “গালিখন পাৰে কেলেই! কি হৈছে কওক বাৰু!”

 “কটাৰ পো! আৰু হ’বলগীয়া নাই। কাইলৈ ইন্‌স্পেক্টৰ চাহাব আহিব— শুনিছ? তালৈকে পঠা এটা লাগে, আৰু দহোটামান হাঁহ-পাৰ লাগে।”

 “কোন চাহাব?”

 “তোৰ বাপেৰ চাহাব, কটা গু বন্দী! ইন্‌স্পেক্টৰ চাহাব! সকলোৰে ওপৰত— বুইছ?”

 “আজিয়েই এইবোৰ ক’ত পাম মই, বাবু?”

 “হেৰ ক’ত পাবি মই কি জানোঁ। গাৱঁত হাঁহপাৰ নোহোৱা হ’ল, হোঁ? গধূলি গৈ আনিব নোৱাৰ? হোঁ ল’।”

[২৪]