“কেলেই খৰখৰি বঙলাত। কাইলৈ দেমাকৰ বঙলাত থাকিবহি। আপোনাৰ স্কুল কাইলৈ চাব নহয়, সেইহে খবৰ দিবলৈ ডিপুটীয়ে খৰধৰকৈ পঠালে। তাত ভাত-পানী খাই ৪ মান বজাত এই খিনি পাবহি।”
আকাশ ভাঙি পণ্ডিতৰ মূৰত পৰিল। উপায়? অলপ পৰ থমকি ৰৈ বগাইক সুধিলে, “হেৰ, মোৰ ফালে হ’ল বগাই! নেদেখিছ স্কুল কি হৈ আছে।”
“চিন্তা কৰিছে কিয় বাৰু আপুনি? চাহাবজন বৰ বেয়া মানুহ নহয়। আপনি খুব মতে চালাম দিব, ভাল পাই যাব। আৰু কলটনা কাকত আৰু নোটবোৰ নাইনে?”
“সেইবোৰ থকাহেঁতেন কি চিন্তা আছিল। হেৰ, চালাম হালি মাটিৰ পৰা দিলে ভাল পায়নে অ’ বগাই?”
“খুব ভাল পায়, বাবু। ডিপুটীয়ে আৰু আমাৰ বাবুয়ে নিতৌ পুৱা উঠি ‘গুড মণি’ আৰু গধূলি ‘গুড নাই’ কৰে নহয়; আমি যেতিয়াই দেখোঁ তেতিয়াই হালি হালি এইদৰে চালাম দিওঁ। বাবু সকলে আমাক শিকাই দিছে।” এই বুলি বগাইয়ে চালামৰ নমুনা এটা দেখুৱাই দিলে।
পণ্ডিতে অলপ পৰ ৰৈ সুধিলে— “তই ফিৰি যাবি নে কি বগাই?”
“এৰা, হওঁতে ফিৰি যাবলৈ কৈছিলে। পাছে, ভাত
এমুঠি দিব, থাকোইহঁক, দহ মাইল বাট এতিয়া কোনে যাব!