এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পৰিদৰ্শন
 

চাল উৰুখে। হাজিৰা হাজিৰাই, ছাত্ৰ তো আছে ৩ বা ৪ জন। ইফালে নোট বহী এটা নাই, কল কৰা কাকত এডোখৰ নাই, পেন্সিল হেন্দেল কাৰো নাই, ল’ৰাৰ কিতাপবোৰ পুৰণি, একটকীয়া ভূগোল আৰু ছঅনীয়া আখৰ লিখা বহী কিনা নাই। সৰ্ব্বনাশ— এইবাৰ দেখোন চাকৰিটো ৰখাই টান হ’ল। তাতে আজি আকৌ ১৬ জানুৱাৰী! চাহাব জানোচা আজিকালিতে ওলায়হি। খালে, খালে, খালে ইহঁতে!

 এনেতে ল’ৰা এটাই মাটিৰ পৰা সৰু কাকতৰ টুকুৰা এখন পণ্ডিতৰ হাতত দি কলে— “এইয়া বাবু, ডাঙৰখন কাকত মেলোঁতে সৰি পৰিছিল।” বাবুৱে সৰু কাকতখন চালে— তাতে লিখা আছে—

 ‘পণ্ডিত, অলপ গাখীৰ, অলপ মাছ, আঠোটামান পাৰ আৰু পাৰিলে এটা পঠা যোগাৰ কৰি ৰাখিবা।’

 

(৩)

 বিস্ময়ৰ ওপৰত বিস্ময়! এইদৰে থাকোঁতেই স্কুলৰ ছাব-ইন্‌স্পেক্টৰ বাবুৰ চাপৰাছীটো ওলালহি।

 “এই ক’ৰপৰা ঔ, বগাই?”

 “কিয় আপুনি জানো খবৰ পোৱা নাই। আপোনালোকৰ ইন্‌স্পেক্টৰ চাহাব আহিছে নহয়?”

 “কি কৱ! ক’ত আছে?”

[২২]