পৃষ্ঠা:পৰিদৰ্শন.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 এদিন ডিপুটী ইন্সপেক্টৰ ডাঙৰীয়া সেই বাটেদি যাবলৈ ধৰোঁতে মৌজাদাৰ ডাঙৰীয়াই লৰি গৈ তেওঁক বাটতে এটা চালাম দিলে আৰু অনেক কাকুতি-মিনতি কৰি তেওঁক নিজ চ’ৰালৈ লৈ আহিল। কথাই-বতৰাই ডিপুটী ডাঙৰীয়াই সেই নিশা তাতে খপিলে। পাচ দিনা পুৱাৰে পৰা কল্পেশ্বৰৰ স্কুল মঞ্জুৰ হ’ল; আৰু সেই মাহৰে যোৱা পহিলা তাৰিখৰ পৰা ৮৲ টকা নিৰিখত কল্পেশ্বৰৰ ‘তলব’ বন্দবস্ত হ’ল। যেতিয়া ট্ৰেইনিং পাছ কৰি আহিল, তেতিয়া তেওঁৰ দৰমহা হ’ল ১২৲ টকা; আৰু কেপিটেছন উঠি যোৱা সময়ৰ পৰা কল্পেশ্বৰ ১৭৲ টকাকৈ পাব ধৰিলে।

 

(২)

 স্কুলৰ চেয়াৰত বহি টেবুলত ভৰি মেলি আৰু মুখত চুৰট লৈ কল্পেশ্বৰ বহি আছে; আন্ধাৰ ঘৰটোৰ কোনোবা চুকৰ জেকা মাটিত ফটা থলিয়াৰ কানি পাতি তিনি নে চাৰিজন ল’ৰা। তাৰে কাষতে তেনে সজুলিৰ ওপৰত এজন ডেকাই শুই ফোঁচ-ফোঁচাইছে। এনে সময়তে ‘ডাক পিয়োনি’ আহি চৰকাৰী চাব মৰা দীঘল খাম এটা কল্পেশ্বৰৰ হাতত দিলে। ডাকঘৰ স্কুলৰ পৰা বহুত দূৰ, ৮/১০ দিনে এই বিষয়াজনৰ মৌজাদাৰ থকা বুলি সেই গাৱঁত অৱতাৰ হয়। অসম্ভৱ ৰূপে

পিয়নৰ প্ৰবেশত ঘৰৰ ভিতৰত থকা সকলোটি প্ৰাণী চমক্‌

[২০]