সকলোৰে দোষ খণ্ডন হয়। তোমাৰো একো ভয় নাথাকে। তুমিতো চাহাবৰ বঙলালৈ অহা-যোৱা কৰাই।”
অতুল— “কৰোঁ হয়, ছাৰ। পাছে চাহাবে বা কিতাপবোৰ থৈছে ক’ত? যদি অফিচৰ টেবিলৰ ওপৰতে আছে, মই যাম। কিন্তু যদি ড্ৰৱাৰ বা আলমাৰীত বন্ধ কৰি থৈছে, তেনেহলে কি হ’ব?”
সেৱাদাস— “তেতিয়া কপালত যি হয় হব। তুমি এবাৰ যাব লাগে, অতুল। তোমাৰ বুদ্ধি আৰু সাহ আমি সকলোৱে জানো। সেই দেখিয়ে সকলো মাষ্টাৰে তোমাক এইটো কাম কৰিবলৈ কৈ পঠাইছে। হেড্মাষ্টাৰেও ভাল পাব।”
অতুল— (আচৰিত হৈ) “হেড্মাষ্টাৰেও কৈছে নে?” সেৱাদাস— (থতমত, খাই) হেড্মাষ্টাৰে ঠিক এইদৰে স্পষ্টকৈ কোৱা নাই। কিন্তু এই বিপদৰ পৰা উদ্ধাৰ পাবলৈ বুদ্ধি সাজিব পাৰিলে, নিশ্চয় ভাল পাব বুলি আমি ভাবিছোঁ।”
অতুল— “ভাল, ভাল! মই এতিয়াই চেষ্টা কৰি চাম। চাহাব ক্লাবত থাকিব পায়।”
সেবাদাস— “পাৰিবা, বাপা তুমি। তোমাক ঈশ্বৰে কল্যাণ কৰক।”
(৬)
এই ঘটনাৰ পাচ দিনা ইন্সপেক্টৰ চাহাবৰ পৰা তাগাদা
চিঠি আহিল, ডাইৰেক্টৰ চাহাবৰ আদেশৰ বিৰুদ্ধে স্কুলত