সেৱাদাস— “আজি কী-বুকৰ কথাত মোৰ চাকৰি যায়। চাকৰি যোৱাৰ অৰ্থ কি জানা নহয়! ল’ৰা-তিৰোতাৰ খাবলৈ নোহোৱা হয়। আচলতে কী-বুকৰ কথাত মই নিৰপৰাধ। ডাইৰেক্টৰ চাহাবেই হওক বা যেয়ে হওক সকলো কথাৰ আৰু আদেশৰ একোটা অৰ্থ থাকিব লাগে। বিবেক-বিবেচনাৰ বিৰুদ্ধে দিয়া আদেশ আমি কিয় পালিব লাগে? মোৰ মনেৰে ছাত্ৰই কী-বুক পঢ়া একো দোষণীয় নহয়। সেইদেখিহে মই পঢ়িবলৈ কওঁ আৰু বিক্ৰী কৰোঁ— ছাত্ৰৰ ভালৰ অৰ্থেহে।”
অতুল— “হয়, ছাৰ।”
সেৱাদাস— “এতিয়া এই বিপদৰ পৰা তুমি উদ্ধাৰ নকৰিলে আনে নোৱাৰে। প্ৰকৃততে অকল মোৰ বিপদ নহয়; আমাৰ স্কুলৰ বদ্নাম আৰু হেড্মাষ্টাৰৰো বেয়া। সেই দেখিহে তোমাক কৈছো। অকল মোৰ নিজৰ কথা হোৱা হলে তোমাক এই কথা নকওঁ।”
অতুল— “হয় ছাৰ! পিচে কি কৰিব লাগে?”
সেৱাদাস— “বিশেষ টান কাম নহয়। মোৰ হাতত যে এই টোপোলাটো আছে, ইয়াত পাঁচ-ছ বছৰীয়া পুৰণা পাঠ্য পুথিৰ কী-বুক সাতখন আছে। আজি ইন্সপেক্টৰ চাহাবে যি কেইখন লৈ গ’ল, সেই কিখন আজিকালিৰ পাঠ্যৰ কী-বুক। তুমি যদি এই কেইখন চাহাবৰ টেবিলৰ ওপৰত
থৈ তাত থকা কেইখন আনি দিব পাৰা, তেনেহলে আমাৰ