পৃষ্ঠা:পৰিদৰ্শন.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিবেক-বিপৰ্য্যয়
 

যায় যাব; আমাৰ কিহৰ বদ্‌নামটো হ’ব। উপায় দিছোঁ— কৰক।”

 বিনয়,— “ৰবা হে নবীন, তুমি কোন দিন খাটি খোৱাহে। নহয় সেৱাদাস, আপুনি নিজে কৰিলেহে ভাল। নহলে আৰু ৰক্ষা নাই।”

 সেৱাদাসে ক’লে,— “বাৰু।”

 

(৫)

 গধূলি সময়। অতুলকৃষ্ণৰ পদূলিৰ আগত সেবাদাস, তেওঁৰ হাতত এটা টোপোলা। অতুল এই সময়তে খেলি আহে। অলপ ইফাল সিফাল কৰাৰ পাচতে অতুল আহিল; আহিয়েই সেৱদাস মাষ্টাৰ পদূলিত দেখি নমস্কাৰ দিলে।

 সেৱাদাসে ক’লে— “অতুল, তোমাৰ কাৰণে ৰৈ আছোঁ।”

 অতুল আচৰিত হ’ল। ক’লে,— “কিয় ছাৰ?”

 সেপ ঢুকি সেৱাদাসে ক’লে— “বৰ কথা এটা হ’ল। তুমি ৰক্ষা কৰিব লাগে। আজি স্কুলৰ ঘটনা শুনিছাই নহয়। তুমি জানা এইবাৰৰ পৰীক্ষাৰ কথা। তোমাক পৰীক্ষা দিবলৈ কাৰো মতেই নাছিল। ময়ে হে হেড্‌মাষ্টাৰক ধৰি মেলি প্ৰমোচন দিয়ালোঁ।”

 অতুলে প্ৰমোনচনৰ মিটিঙৰ সকলো কথা জানে। তেওঁ

মাষ্টাৰক খাতিৰ কৰি ক’লে— “হয়, ছাৰ।”

[১৫]