সচ্চিদানন্দ কমনৰুমলৈ গ’ল। নবীন মাষ্টাৰৰ মুখ চোকা বুলি খ্যাতি আছিল। তেওঁ ক’লে— “আপোনাৰ morality আৰু conscience আজি ধৰা পৰিল।”
বিনয় মাষ্টাৰ ভদ্ৰলোক। তেওঁ ক’লে,— “ৰ’বা নবীন, সকলোতে তোমাৰ ধেমালিখন! In all conscience it is an extremely serious matter. বৰ বেয়া কথাটো ঘটিল। কিবা এটা কৰিব লাগে।”
সচ্চিদানন্দই একো নমতাকৈ আছিল। তেওঁ ক’লে— “Even the best of us have faults; নহলেতো পৃথিবী গুচি স্বৰ্গই হ’লহেঁতেন। A friend in need is a friend indeed. কিবা পাৰে যদি পৰামৰ্শ দিয়ক।”
সকলোটি পৰামৰ্শত লাগিল। কিছু পৰৰ পাচত নবীন মাষ্টাৰে বিনয়েৰে সৈতে লগলাগি সচ্চিদানন্দক এফলীয়া কৰি মাতি নিলে আৰু অনেক পৰ কথাবাৰ্ত্তা হ’ল।
শেষত সচ্চিদানন্দই ক’লে,— “তেনে হলে দিয়ক তাকে কৰি। ৰক্ষা কৰক মোক। স্কুলৰ বদ্নামটো যাওক। ইয়াত আমাৰ সকলোৰে বদনাম।”
নবীন— “আপুনি নিজে সকলো দুৰ্ঘটনা ঘটাব, morality গাব; আৰু এই কাম কৰিবৰ বেলিকা লাগে আমাক—
immoralityৰ কাৰণ। সেইটি নহয়। আপোনাৰ চাকৰি