এই প্ৰশ্নটোৰ এটা উদ্দেশ্য আৰু সাৰ্থকতা আছিল। সেই সময়ত কোনো কোনো স্কুলত একোজন শিক্ষকক ছাত্ৰৰ কিতাপ-কাগজ, বহী-কলম আদি যোগাবৰ অনুমতি দিয়া হৈছিল। বৰুৱাবাৰী স্কুলতো এই অনুমতি আছিল, আৰু সেই অনুমতি পাইছিল শ্ৰীযুক্ত সচ্চিদানন্দ সেৱাদাসে।
হেড্মাষ্টাৰে ক’লে,— “সচ্চিদানন্দ বাবুৱে— এৱেঁই।”
চাহাব,— “আপোনাৰ কিতাপবোৰ ইয়াতে থয় নে?”
উচিত উত্তৰ উচিত সময়ত ওলাবলৈ হলে সচ্চিদানন্দই কব লাগিছিল যে, তেওঁ কিতাপ স্কুলত নথয়, বা কিতাপবোৰ বিক্ৰী হৈ গৈছে, বা এনে এটা অন্য কথা। অৱশ্য স্কুলত নিজৰ আলমাৰীত বিক্ৰীৰ কিতাপ থলেও তেতিয়া একো অপৰাধ নহৈছিল। কিন্তু সচ্চিদানন্দৰ মুখত উচিত উত্তৰটো নোলাল; সঁচাটো ওলাল।
চাহাবে ‘বাৰু, চাওঁহঁক” বুলি খোজ ললে। তেতিয়া আৰু অন্য কথা কৈ চাহাবৰ গতি সলাবৰ অৱসৰ নাইকিয়া হ’ল।
কিতাপৰ আলমাৰীটো সেৱাদাসে খুলি দিলে। হেড্মাষ্টাৰে আৰু ইন্সপেক্টৰ চাহাবে পাত্পাত্কৈ কিতাপ বোৰ চালে। তাৰ মাজৰ পৰা ওলাল— এখন নহয়, দুখন নহয়, সাতখন কী-বুক!
ঘোঁৰাত উঠি চুটি মেলি গৈ আছা, হঠাৎ ঘোঁৰাটো