সেৱাদাস— “হয় নে, তই কী-বুক ব্যৱহাৰ কৰ নেকি?”
তিমানখিনি সময় ল’ৰাৰ বুদ্ধি চাপি আহিছে। সি ক'লে,— “নকৰোঁ ছাৰ, চাহাবৰ কথা বুজিব নোৱাৰিহে ‘ইয়েছ’ বুলিলোঁ!”
সেৱাদাসে কথাষাৰ বুজাই দিলে। এইদৰে এটা কথাত অপমান বাধা পাই চাহাবৰ ৰোষ চাপিল। ‘বাৰু’ এইবুলি ইন্সপেক্টৰেৰে সৈতে গোটেইটো ক্লাছৰ কিতাপপত্ৰবিলাক ঘূঁকটি চাব ধৰিলে। চোৱা হ’ল, বহুতো মলি বহী, ৰাফ্ বুক, ফটা কাগজ— এইবোৰ ওলাল। কিন্তু কী-বুক এখনো নোলাল।
সেৱাদাস মাষ্টাৰৰ মুখ জয়ৰ গৰ্ব্বত ফুলি পৰিল। ক'লে,— “মই কৈছিলোঁ নহয় ছাৰ! মোক বিশ্বাস কৰিব পাৰিলেহেঁতেন।”
স্পষ্ট কথা কোৱাত ভয় নকৰে বুলি সেৱাদাসৰ খ্যাতি ছাত্ৰৰ আগত অক্ষুণ্ণ ৰাখিব লাগে নহয়।
বাঘ আৰু হৰিণাৰ লগত তুলনা নকৰি ঘৰুৱা মেকুৰী আৰু নিগনিৰ লগত তুলনা কৰিয়েই কওঁ। মেকুৰীৰ হাতৰ পৰা নিগনিটো পলাই সাৰিলে মেকুৰীৰ মনত যেনে ভাব হোৱা সম্ভৱ, এইদৰে ধৰোঁ ধৰোঁ পৰোঁ পৰোঁ আসোৱাহৰ পৰা মাষ্টাৰ মুক্ত হোৱা দেখি, চাহাবৰ মনতো তেনে ভাব হ’ল। তেওঁ ৰঙা পৰি ক’লে— ‘বাৰু, হেড্মাষ্টাৰ, তোমাৰ ল’ৰাক কিতাপ
যোগায় কোনে?’