পৃষ্ঠা:পৰিদৰ্শন.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

কথা হ’ল। ইংৰাজীৰ শিক্ষকসকলে দঢ়াই দঢ়াই ছাত্ৰক কৈ পঠাইছিল যেন কী-বুক (অৰ্থৰ কিতাপ) কোনোৱে স্কুললৈ লৈ নাহে। ইংৰাজী কিতাপৰ বঙালী অৰ্থৰ কিতাপ সকলো ল’ৰাই পঢ়ে; শিক্ষকসকলে জানেও আৰু পঢ়িবলৈকো কয়। কিন্তু কিছুদিন পূৰ্ব্বে ডাইৰেক্টৰ চাহাবে হুকুম দিছে চাৰ্কুলাৰ জাৰি কৰি, যে প্ৰকৃত শিক্ষাৰ কাৰণে কী-বুক ব্যৱহাৰ কৰা প্ৰকৃততে অনিষ্টজনক। গতিকে প্ৰত্যেক শিক্ষক সাৱধান হব, যেন কোনো ল’ৰাই কী-বুক নপঢ়ে।

 চতুৰ্থ শ্ৰেণীৰ ল’ৰা এজনক ইংৰাজী পঢ়ি থাকোঁতে ডাইৰেক্টৰ চাহাবে অৰ্থ সুধিলে; ল’ৰাজনে এনে ইংৰাজী দি অৰ্থটো কলে যে, চাহাবৰ মনত সংশয় জন্মিল যে শব্দটো ইংৰাজী কী-বুকৰ! চাহাবে সুধিলে,— “তুমি কী-বুক ব্যৱহাৰ কৰা হ’বপায়?” ল’ৰাজনৰ উচিত আছিল ‘নকৰোঁ।’ বুলি উত্তৰ দিয়া। কিন্তু ভয়তে তাৰ ভগৱন্ত কঁপি আছিল; তাৰ মুখত ওলাল— “হয় ছাৰ!”

 চাহাবে ক্লাছ মাষ্টাৰক মাতিলে,— “মাষ্টাৰ এই বিষয়ে আপোনাৰ কি কবলগীয়া আছে?”

 ক্লাছ মাষ্টাৰ আহিল সচ্চিদানন্দ সেৱাদাস! তেওঁ ক’লে,— “ছাৰ, মই আপোনাৰ চাৰ্কুলাৰৰ কথা বঢ়িয়াকৈ বুজাই দিছোঁ। সিহঁতে কী-বুক ব্যৱহাৰ নকৰে।”

 চাহাব— “এই ল’ৰাজনে সেখোন কৰা বুলি কয়।”

[১০]