পৃষ্ঠা:পৰিদৰ্শন.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিবেক-বিপৰ্য্যয়
 

Conscience (বিবেক) নাথাকিলে, শিক্ষা কিহৰ? সকলোকে সমান দেখিব নোৱাৰিলে বিদ্যামন্দিৰৰ পবিত্ৰতা ক’ত থাকে? অতুল অমুকা হাকিমৰ ভাগিন, আৰু অমুকা কেৰাণীৰ ভায়েক নোহোৱা হ’লে, অপোনালোকে তাক প্ৰমোচন নিদিলেহেঁতেন। এতিয়া ভাঙৰ মানুহৰ ল’ৰা দেখি তাৰ দোষ, দোষ নহয়। মই এনে কথাত নাই। নীতিৰ আগত, বিবেকৰ আগত সকলো সমান।”

 কথা অপ্ৰীতিকৰ হৈ উঠে দেখি হেড্‌মাষ্টাৰে ক’লে,— ‘বাৰু! অতুলৰ কথা এৰা যাওক। মই বাৰু প্ৰেচিডেণ্ট চাহাবক পৰামৰ্শ কৰি চাম।” —অন্য কাম কৰি মিটিং শেষ হ’ল।

 অতুলে অৱশ্যে প্ৰমোচন পালে।

 

(৩)

 পৰীক্ষাৰ এমাহমান পাচৰ কথা। ডাইৰেক্টৰ চাহাব স্কুল চাবলৈ আহিছে। লগতে ইন্সপেক্টৰ চাহাবো আছে। হেড্‌মাষ্টাৰৰ গাত তত্‌ নাই। — কিজানি ক’ৰবাত কিবা প্ৰকাৰে চাহাবদ্বয়ে বেয়া পাই যায়। তলৰ মাষ্টাৰসকলৰো মনত ভয়।

 চতুৰ্থ শ্ৰেণী (আজিকালিৰ সপ্তমমান) চাওঁতে এটা বিষম

[৯]