Eight), বিজ্ঞাপনত দিয়া ঠিকনালৈ চিঠি দিলে যেন অৰ্ডাৰ পোৱা মাত্ৰে বিজ্ঞাপনত লেখা মতে মাল ভিঃ পিঃ ডাকত সৰবৰাহ কৰা হয়।
চিঠি লেখি বটু বাপুৱে বেপাৰৰ হিচাপতে লাগিল। এক শ চাদৰ যদি খনত আঠ অনাকৈয়ে বেচে তেন্তে তেওঁৰ পঞ্চাশ টকা হব। খৰচ-পত্ৰ বাদে অন্ততঃ ৩৫৲ টকা লাভ হব। তেতিয়া তাৰে আৰু পাঁচ-ছয় শ চাদৰ আনি ওচৰতে থকা কেঁঞাৰ গোলাত দিলে তেওৰ দুই আঢ়ৈ শ টকাতো লাভ হব। তেতিয়া আৰু আন Business ৰ কথা ভাবিব পাৰি।
কোন দিনা পাৰ্চেল আহে বটুৱে দিন গণে। এনেকৈ এদিনত এক সপ্তাহ কৰি আঠ দিনমান গ’ল। তাৰ পাচত এদিন ডাক ঘৰৰ পৰা পিয়নে খবৰ দিলে যে বটু বাপুৰ নামত এটা V.P. মাল আহিছে। খৰচ সকলো ৫৷৵০ অনা।
শুনি বটু বাপুৰ উৎকণ্ঠাৰ শেষ নাই। এশ চাদৰৰ পাৰ্চেল ডাকত আনিব নোৱাৰি। ৰেলৰ ৰচিদখনহে ভিঃ পিঃ হৈ আহিল হবলা।
বটু বাপুৱে টকা লৈ ডাক ঘৰলৈ গ’ল। তাৰ পৰা V.P. খামটো ললে। খামটোৰ ভিতৰত খহ খহ কৰে এইবোৰ কি? ডাকঘৰৰ পৰা বাহিৰলৈ আহিল। তাৰ পৰা ওলাল সুন্দৰকৈ ছপোৱা কাগজ এখন। তাত লেখা আছে—