এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বটু বাপুৰ বৰ বেপাৰ

 তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ পুত্ৰ।

* * * *

 গান্ধী ৰাজা আহিল, গ’ল। অহিংস অসহযোগ ঢিলা হ’ল। উকীল-মোক্তাৰে কাহাৰী ধৰিলে। বিষয়াই দুগুণ উৎসাহেৰে চৰকাৰী কাম কৰিলে। দোকানীয়ে আগতো কৰি ডাঙৰ কৰি দোকান দিলে। ওপৰৰ পৰা হকুম আহিল। যিবিলাক ছাত্ৰই স্কুল-কলেজ এৰিলে সিহঁতে “অনুতাপ কৰিলে”, আকৌ স্কুল-কলেজক আহিল।

 বৰকেৰাণীৰ ল’ৰাই বাপেকৰ বাগিচাতে তলৰ ফালৰ মহৰি হ’ল। কিন্তু বটু বাপুৰ স্কুললৈকো অহা নহল, পঢ়াও নহল আৰু কোনো কামো কপালত নিমিলিল।

 

(৬)

 এতেকে বটু বাপুয়ে বটকৃষ্ণ নামটোকে সাৰোগত কৰি ব্যৱসায় কৰিবলৈ মন মেলিলে।

 ব্যৱসায়ত লেঠা। মূলধন লাগে। ব্যৱসায়ৰ যে কিবা শিকিবলগীয়া আছে এনে কথা নহয়। বস্তুখিনি কিনি তাতে লাভ ধৰি তাকে বেচা অতি সাধাৰণ বুদ্ধিৰ কাম। কিন্তু মূলধন আহে ক’ৰ পৰা? এই চিন্তাই ঘটু বাপুক ব্যাকুল কৰিলে।


[১১৯]