এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পৰিদৰ্শন
 

আনিছে। দুপৰীয়া বাৰ বজাৰ পৰা মিটিং। হেড্‌মাষ্টাৰে ওপৰৰ পৰা হুকুম পাইছে, কোনো ছাত্ৰ বা মাষ্টাৰ মিটিঙক যাব নোৱাৰে। গতিকে ছাত্ৰবিলাকে মুঠ বান্ধি স্কুলক নগৈ মিটিং চাবলৈ গ’ল। তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ ল’ৰাও।

 মিটিঙত চাৰিওফালে বৰ উত্তেজনা। ইফালে মানুহ সিফালে মানুহ। গান্ধী ৰাজা ঠিক এক বজাত মিটিঙলৈ আহিব। ৰাইজৰ মাজত এটা উৎসাহ, আনন্দ, উত্তেজনা আৰু ভয়ৰ অপূৰ্ব্ব মিহলি ভাব। ৰাইজ উগুল-থুগুল্। এনেতে পাৰিষদবৰ্গেৰে সৈতে গান্ধী ৰাজাক মিটিঙৰ থলৰ মূৰত দেখা গ’ল। বান্ধি থোৱা পখি গিৰিপ কৰি বান্ধ ভাঙি বিম্বাশবদে ওলাই পৰিল; ডাৱৰে গুম কৰি থোকা আকাশৰ পৰা ধুম-ধুম কৰি বৰষুণ পৰিল; নিশ্চল হৈ থকা প্ৰকৃতিত ধুমুহাৰ প্ৰচণ্ড ঢৌ উঠিল। মানুহৰ মাজতো তেনে হ’ল।

 কিছুমান চেঙেলীয়া ডেকাই মুৰত গান্ধী টুপী, গাত খদ্দৰৰ কুৰ্ত্তা পিন্ধি চাৰিওফালে লৰি ফুৰিছে। কাৰো একো কাম নাই। অথচ গাত চুৰ্ত্তিও নাই। পুলিচ কেইজনমান অলপ দূৰত আছিল। লৰি ফুৰোঁতে কিছুমান ল’ৰা গৈ তাহাঁতৰ মাজ সোমাল। কাৰবাৰ গাত পৰিল।...

 আৰু ক’ত ৰক্ষা! পুলিচে ল’ৰাহঁতক ধৰিলে। ধৰি থানালৈ লৈ গ’ল।


[১১৮]