পৃষ্ঠা:পৰিদৰ্শন.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বটু বাপুৰ বৰ বেপাৰ
 

শৰ্ম্মাহে লিখিব। কোৱা অনাৱশ্যক যে তাৰ পাচৰ পৰা বটু বাপু বটকৃষ্ণ বাবু নামে প্ৰখ্যাত হৈ পৰিল। তেওঁৰ নিজ গাৱঁতো এই কথা ৰজনজনা হৈ গ’ল যে মাষ্টাৰসকলে পঢ়াত বিশেষ ভাল পাই বটু বাপুৰ আগৰকলীয়া কুন্ধচ নামটো গুচাই চাহাবৰ হতুৱাই তেওঁক এই নতুন বিতোপন নামটো দিছে। পঞ্জিকাত এই নামটো অৱশ্যে অনেকেই ছপা হোৱা দেখিছিল, অনেকে ভাবিলে বটু বাপুৰ নাম পঞ্জিকাতো ছপা হয়, অৱশ্যে সি কালত এটা পুৰুষ হব।

 

(৫)

 এইদৰে আৰু বছৰ দুই গ’ল। আহিল ইং ১৯২১ চন। তেতিয়া বটু বাপু আৰু বৰকেৰাণীৰ বাপু দুয়ো অষ্টম মান শ্ৰেণীত পঢ়ে। গান্ধী ৰাজাৰ আৰ্ত্তৰাৱে দেশ বিয়পি পৰিছে। উকীল-মোক্তাবে কাছাৰী নকৰে। ছাত্ৰই স্কুলত নপঢ়ে। চৰকাৰী বিষয়াই বিষয় নাখায়। দোকানীয়ে দোকান নিদিয়ে। চাৰিওফালে অহিংস অসহযোগ। পালে পালে মানুহ ফাটকত যায়। বাটে বাটে গান্ধী মহাৰাজাৰ জয় দি চেঙেৰা ছলিবিলাকে সমদল কৰে। পুলিচে ধৰি ধৰি কোবায়। গা ফাটি তেজ ওলায়। গান্ধীৰ জয় গোৱা আৰু বেছি হয়।

 বটু বাপুৰ স্কুলত Strike। গান্ধী ৰাজা নগৰক আহিছে।

আজি পুৱা হাজাৰ হাজাৰ মানুহে তেওঁক ষ্টেশ্যনৰ পৰা বৰি

[১১৭]