দিনাৰ পৰা মই আৰু কেতিয়াও তামোল খাই অফিচলৈ নাযাওঁ নহয়! আইটি, বাপাটিক তামোল খাবলৈ নিদিবা। পাৰিলে চাহাবলোকে খোৱা বোম্বাই চুৰট খোৱা ভাল। ইয়াত তাক ক’ত পাবা! আমাৰ সোণটিয়ে সেইবোৰ শিকিছে। সি বোম্বাই চুৰট একোটা যি দৰে খাব, দেখিলে তুমি ভাবিবা অপাৰ চাহাবটি! তাৰ লগত থাকি বাপাটিয়েও অলপ শিকিব পাৰিব।
পেটু বাপু— দেউতা চুৰট যদি লগত আনিছে দুটামান আমাকো দিবচোন। ভাল বস্তু আমিও খাব পাওঁ।
বৰকেৰাণী— কেলেই নাই অনা? হোৱাঁ (জেপৰ পৰা চুৰট থোৱা টেমাটো উলিয়াই তাৰে এটা দিয়ে) আকৌ যাবা, মোৰ ঘৰত আছে।
পেটু বাপু— যাম দেউতা।
বৰকেৰাণী— এতিয়া যাওঁ, আইটি। তেনেহলে সেইটোৱেই ঠিক হ’ল। ময়ে তাক চহৰত থৈ আহিম গৈ। ঘৰটো বেয়া হৈ আছে; মই বঙালী এটা পঠাই দিম, তাকে দেখুৱাই-শুনাই ভাল কৰি লবাচোন।
(৩)
জানুৱাৰী মাহৰ ২ তাৰিখ। নগৰৰ চৰকাৰী স্কুলৰ
দুৱাৰ মুখৰ আলিত নধৰবপু সোণেশ্বৰ বৰকেৰাণীয়ে ব্ৰীচ,