পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

পানীৰ টকাৰেই চলাব পাৰিব লাগে। তাকে কৰিলে আৰু জনম দুখুনী উধাৰ হয় দেউতা।

 বৰকেৰাণী— বাৰু দেখোচোন, তেন্তে, (সমুখত বটুক দেখা পাই) এই ফালে আহা বাপাটি। আমি বৰ ভাল পাইছোঁ। তুমি এতিয়া বৰ মনোযোগেৰে পঢ়িব লাগে। তামোল খোৱানে? (বটুই নামাতি থাকে) বুজিছা আইটি, বাপাটিক তামোল খাবলৈ নিদিবা। তামোল খালে জিভা গেধেমা হয়। তেতিয়া আৰু ইংৰাজী পঢ়িব নোৱাৰি। তামোল আমাৰ চহা মানুহৰ বস্তু। চাহাব লোকে তামোল নাখায় নহয়; খালে সিহঁতে কথাকে কব নোৱাৰিব। মই কেতিয়াও চাহাবৰ আগলৈ তামোল খাই নাযাওঁ নহয়— গলে বৰ খং কৰে। এদিন তামোলেৰে মুখ ৰাঙলী হৈ আছিল, এনেতে চাহাবে মাতি পঠালে বোলে বৰ জৰুৰী। মই আকৌ যেনে আছিলোঁ তেনেই ওলালোঁগৈ। তাৰ আগ-পাচত দেখোন সি মোৰ মুখৰ ফালে নমতাকৈ গোৰোঙাটো দি এইদৰে চাই আছিল; পাচত কলে, ‘বাবু তুমি এতিয়াই মুখ ধুই আহিব লাগে।’ তেতিয়াহে মোৰ গাত চেতন আহিল। লৰালৰিকৈ ওলাই গৈ মুখ ধুলোঁ। তেতিয়া আহিলত চাহাবেনো কি কয় বোলে তামোলৰ চোবাবোৰৰ দৰে তামোল খোৱা মানুহৰ মূৰৰ ঘিবোৰ গোবৰ হৈ যায়। তামোল-পাণ ঘাঁহ আছে, গছৰ পাত

আছে; ঘাঁহ, গছৰ পাত গৰু আৰু ছাগলীয়েহে খায়। সেই-

[১১০]