পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বটু বাপুৰ বৰ বেপাৰ
 

 বটু জননী— আমিনো নগৰত থৈ ইংৰাজী পঢ়াম কেনেকৈ দেউতা। সিদিনা দেখোন পণ্ডিতে কৈছিল বোলে মাজগাৱঁৰ কি এখন ইস্কুলত ছাতৰবিতি নে কি— এনেই পঢ়িব পাৰিব; আৰু তাত পঢ়ি আকৌ এইদৰে টকা পাব, নহলে পণ্ডিতকেই হব পাৰিব, সেইবোৰকে কিবা এটা কৰিব লাগিব।

 বৰকেৰাণী— হওঁতে সেইটো ভাল কথা। পাচে বঙলা পঢ়ালেনো কি হব? ইংৰাজী জানিলে অনেক আছে— চাহবাগিচাৰ কেৰাণী-মহৰি আৰু কপাল থাকিলে হাকিম-উকীল অনেক হব পাৰি। মই হলে কওঁ, আইটি, ল’ৰাটিৰ বুধি যেনে চোকা তাক ইংৰাজী স্কুলত দিলে সি খোপক খোপে উঠি যাব পাৰিব। আমাৰ ল’ৰাটিও আছে নহয়!

 বটু জননী— আছেতোন! আমিনো আকৌ ৰজাৰ লগত হাল লগ কৰোঁ কেনেকৈ। ভিনীহিদেৱে ইচ্ছা কৰিলে অলপ সহায়-সামৰথ কৰি ল’ৰাটোক পঢ়াব পাৰে। বাপাচানাৰ (কেৰাণীৰ লৰাক সূচাই) লগত গলে তাৰ চাউল দুটাও লাগিলে সিজাই দিব।

 বৰকেৰাণী— (মনতে বৰ আনন্দ পাই) ওঁ, কথাটো হওঁতে সজ, সিও তাত অকলে থাকে। ঘৰৰ দুটা ল’ৰা হলে লগে-ভাগে থাকি দুটা ভাত খাব পাৰেতোন। কিন্তু চহৰৰ খৰচ বৰ বেছি। বাৰু মই চাওঁচোন।

 বটু জননী— ভাত চাইটা দিলে বাকী খৰচ তাৰ জল-

[১০৯]