নোৱাৰি, বিদ্যাতকৈ সাতামপুৰুষীয়া জাতটো কিমান বেছি মূল্যবান! জাত এৰি ইংৰাজী পঢ়ি যাৰে-তাৰে লগত খাই-ফুৰা ডেকাবিলাকে তাৰ কি বুজিব। ৰান্ধনি এটাও দিয়া টান; চাকৰ-ৰান্ধনি ইত্যাদিৰ খৰচ জানো কম! এই আটাইবিলাক ভাবি-চিন্তি চাই— শ্ৰীযুক্ত বৰকেৰাণী ডাঙৰীয়াই এদিন পুৱাই লাংটিং বাগিচাৰ চাহাবক এটা দীঘল কৰি চালাম দিলে আৰু গধূলিকৈ এটা ঘোৰাত উঠি নিজৰ ঘৰ ওলালহি; আৰু ঘৰত হাত-ভৰি ধুই নিজৰ পকা বঙলাৰ ছিৰিৰে নামিগৈ পেটু বাপুৰ পঁজা ঘৰৰ আগচালিত উপস্থিত হল।
পেটু, পেটুগৃহিণী আৰু বটু সকলো আচৰিত। এনে ঘটনাতো সিহঁতৰ সংক্ষেপ বুৰঞ্জীত আগেয়ে ঘটা নাই। অলপ অলপ গৰ্ব্বও অনুভৱ কৰিলে। বহুদিনীয়া পুৰণি পাটীঢাৰিখন আটালৰ পৰা উলিয়াই আনি কেৰাণী ডাঙৰীয়াক বহিবলৈ দিলে আৰু আথে-বেথে তামোল-ধপাত দিয়াত লাগিল।
বৰকেৰাণী— হয়নে হে পেটু বোপা, তুমি ঘৰটোনো এইদৰে ৰাখিব পোৱানে? চালৰ দেখোন ফুটা দেখাই পায়, বাৰিষানো কেনেকৈ থাকিবা পিচে?
পেটু— কিনো কৰিব দেউতা, কোনোমতে কঁপিজৰি আছোঁ ইয়াতে পৰি।
বৰকেৰাণী— সি কোন কথা! তুমি মোৰ ভতিজা হোৱা;
তোমাৰ মাৰাৰ মোমায়েকৰ খুড়াকৰ পিতেকেৰ ছোৱালী