পৃষ্ঠা:পৰিদৰ্শন.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

শিকি গাৱঁৰ আন কোনো মানুহতকৈ ডাঙৰ বোলাব, এইটো কাৰো মনত নোসোমাইছিল। নাম-সবাহ, পূজা-স্বস্ত্যয়ন দুখীয়াৰ মতেই হৈ গল। বটু জননীৰ গাত তত নাই। তাহানি বাপেকৰ ঘৰত দেখা সকামৰ পাচত আজি অতদিনে বটু জননীয়ে ইমান কাৰবাৰ কৰি এনে পূজা-সেৱা কৰা আৰু তেওঁৰ ভাগ্যত হোৱা নাই; তাতে তেওঁৰ পুতেকে বৃত্তি পাইছে। সকলোৱে বটু বুদ্ধিক প্ৰশংসা কৰা নাইনে? কিয়, সেইদিনাই আবেলি অধ্যাপকদেৱে তেওঁৰ ল’ৰা শ্ৰীমান নিৰ্ম্মলচন্দ্ৰ ভট্টাচাৰ্য্যতকৈ বটুৰ বুদ্ধি যে ভাল তাক পাকে-প্ৰকাৰে স্বীকাৰ কৰা নাইনে? আৰু স্কুলৰ পণ্ডিতক বটু জননীয়ে নিজে উপযাচি কাণৰ কৰিয়া বক্‌চিচ দিয়া নাইনে? পুত্ৰৰ গৌৰৱতকৈ মাকৰ আৰু কি আনন্দৰ বস্তু থাকিব পাৰে!

 

(২)

 বামুণগাৱঁৰ শ্ৰীযুক্ত সোণেশ্বৰ বৰপূজাৰী লাংটিং বাগিচাৰ বৰকেৰাণী। তেওঁৰ অপাৰ সম্পত্তি। ল’ৰাটিয়ে নগৰত হাইস্কুলত পঢ়ে— কোনোবা এটা শ্ৰেণীত ৩ বছৰো থাকিল। বুদ্ধিৰ অভাৱত নহয়, নিজে ভাত-পানী ৰান্ধি খাব লাগে— এই দুখত। নগৰত ভাত ৰান্ধি খাইনো ইংৰাজী পঢ়া

কৰিবৰ সময় থাকিব পাৰেনে? ইফালে বোৰ্ডিঙতো থব

[১০৬]