পৃষ্ঠা:পৰিদৰ্শন.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিবেক-বিপৰ্য্যয়

 অতুল— “নকল কৰা নাই, ছাৰ! আৰু সেই কেই পাতত আজিৰ পৰীক্ষাত অহা কোনো প্ৰতিজ্ঞাও নাই।”

 হেড মাষ্টাৰে— “হয়নেকি?” বুলি পাতকেইটা প্ৰশ্নৰ লগত মিলাই চাই দেখে যে হয়, প্ৰশ্নত অহা কোনো এটা প্ৰতিজ্ঞাই তাত নাই। তেওঁ সুধিলে,— “পাতবোৰ আনিছিলি কিয়?”— অতুল নিমাত!

 সেৱাদাসে কলে— ‘পাতবোৰ আনিছিল নকল কৰিবলৈ। আজিৰ প্ৰতিজ্ঞা নাই দেখি নকল কৰিব নোৱাৰিলে। তাৰ মত্‌লব্‌টো বেয়া। কোনো কাৰ্য্যৰ শেষ ক্ৰিয়াটো চাব নে তাৰ উদ্দেশ্যটো চাব। তাৰ intention (মত্‌লব্‌) নকল কৰা হে আছিল; বিশেষ circumstance-ত (অৱস্থাত) পৰি সেই মত্‌লব্‌ সিদ্ধ কৰিব নোৱাৰিলে। সি দণ্ড পাবই লাগে।”

 হেড্‌মাষ্টাৰে জানে যে ethics লৈ সেৱাদাসৰ লগত তৰ্ক কৰাৰ একো ফল নাই। তেওঁ সেৱাদাসক পৰীক্ষা-হলৈ পঠাই অতুলক সেই দিনালৈ পৰীক্ষা নিদি ঘৰলৈ যাবলৈ ক’লে।

 সময়ত প্ৰমোচন দিবৰ কাৰণে শিক্ষকসকলৰ মিটিং বহিল। অতুলৰ কথা ওলাল। হেড্‌মাষ্টাৰে আগৰ নম্বৰ, ক্লাছৰ পঢ়া-শুনা সকলো চাই, অতুলক প্ৰমোচন পাব বুলি মত দিলে।

গণিতৰ মাষ্টাৰজনে দেখুৱালে যে, অঙ্কৰ পৰীক্ষাৰ দিনা সি

[৭]