এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

বটু বাপুৰ বৰ বেপাৰ

 

(১)

 যিদিনা নিম্ন প্ৰাইমাৰী বৃত্তিৰ খবৰ পানী-বিল, বন-জংঘল ভেদি গৈ বামুনগাওঁ ওলাল, সেইদিনা সেই গাৱঁত যি হূলস্থূল লাগিছিল তাৰ তুলনা কিহৰ লগত দিলে যে মিলি যাব তাক আজি পৰ্য্যন্ত ভাবি ঠিক কৰিব পৰা নাই। নতুন বৰচাহাব আহিলে নগৰত যি হূলস্থুল লাগে, গাৱঁত বিয়া হলে গাভৰু ছোৱালীৰ গাত যি উখল-মাখল উঠে, বৰ বৰ পৰীক্ষাৰ খবৰ ওলাবলৈ হলে ডেকা ল’ৰাবিলাকৰ মাজত যি উঠপ-ঠপ লাগে, — বামুণগাৱঁৰ সেইদিনাৰ উখল-মাখল তাতকৈ কোনো অংশে কম নহৈছিল। ইয়াৰ মূল কাৰণ সেই গাৱঁৰ নিতান্ত নিঃকিন আৰু দুখীয়া পেটুৱা বামুণৰ প্ৰথম আৰু একমাত্ৰ বংশৰক্ষাকৰ্ত্তা শ্ৰীমান বটু বাপুৱে সেইবাৰৰ নিম্ন প্ৰাইমাৰী মহলাত বৃত্তি লাভ কৰিলে। ন্যায় বিচাৰে যে দেশৰ অতি অন্তস্তম প্ৰদেশো ভেদিছে গৈ তাৰনো ইয়াতকৈ কি ডাঙৰ দৃষ্টান্ত হব পাৰে?

 পেটুৱা বাপুৰ ঘৰত বৰ উৎসৱ। গাৱঁৰ বাপ-ভাই সকলোৱে ৰং পোৱাকে দেখা গ’ল; কাৰণ, পেটু বাপু ইমান গৰীৱ আৰু বটু বাপু ইমান খৰ্ব্বাকৃতি যে তেওঁৰ পুত্ৰ বটু বাপুৱে যে

কেতিয়াবা ডাঙৰ-দীঘল হৈ বৰ মানুহ হব আৰু লিখা-পঢ়া

[১০৫]