পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পণ্ডিত বাবু
 

 জয়ৰাম— হয়, তাতেহে শিকিলো। আমাৰ মাষ্টাৰসকলে কলে দেখোন, হালি কুঁজা হৈ চালাম দিয়া বেয়া, আৰু Sir বুলি মাতিলেও একো বেয়া নহয়। আমাৰ Supdt. কো Sir হে বোলোহঁক।

 হেড্-পণ্ডিত— হেঃ হেঃ ছুপাৰিণ্টেণ্ডেণ্ট আৰু স্কুলৰ হাকিম একে হলনে? দৰমহা বেছি হব পাৰে। হক বেছি কি হ’ল! কিয় আমাৰ মেতৰটোৱে ১৫ টকা আৰু চকীদাৰটোৱে ১১ টকা নাপায়নে? সেইবুলি কোন ডাঙৰ?

 জয়ৰাম— সেইবোৰ আমি কি বুজপাওঁ দেও। যি কৈছিল তাকেহে কৈছোঁ।

 ছব-ইন্সপেক্টৰ— কিনো কৈছিল?

 জয়ৰাম— Sir বুলি মাতিব পায় বুলি।

 ছব-ইন্সপেক্টৰ— কোনে?

 জয়ৰাম— আমাৰ সকলো শিক্ষকে।

 ছব-ইন্সপেক্টৰ— তোমালোকৰ শিক্ষক আছে নে গাধা আছে?

 জয়ৰাম— সেইবোৰ নকব ছাৰ!

 ছব-ইন্সপেক্টৰ— আকৌ Sir. তোক আমাৰ আগত বহিবলৈ কোনে কলে Sir?

 জয়ৰাম— আগত বহে দেখি বহিছোঁ, জগৰ হ’ল যদি উঠো!


[১০৩]