পৰিদৰ্শন
হয়, গুৰুবোৰ অহঙ্কাৰী আৰু ডাঙৰক নমনা হয়। এইটো ট্ৰেইনিং স্কুলৰ শিক্ষাৰ দোষ।
ডিপুটী— আৰু মই দেখাত ট্ৰেইনিঙৰ পৰা আহিলে যে গুৰুবোৰ বিশেষ কিবা ভাল হৈ আহে, মই তেনে নাভাবোঁ।
ইন্সপেক্টৰ— ঠিক কৈছা! তাততে কাম একো নহয়, ট্ৰেইনিং স্কুলৰ মাষ্টাৰকেইজন ডাইৰেক্টৰ চাহাব গ’লে ঠাই-ঠুই অঁটাই, বহীবোৰ অলপ ভাল কৰাই ডাইৰেক্টৰৰ মনত ভাল লগায়। আমাৰ ডাইৰেক্টৰ চাহাবৰ স্কুল চোৱা নেদেখিছা, তেৱোঁ ইমূৰৰ পৰা সিমূৰলৈ এটা লৰ মাৰিলে— হ’ল আৰু। ট্ৰেইনিং স্কুল ভাল বৰ।
ছব-ইন্সপেক্টৰ— ইমানবোৰ ল’ৰানো পাছ হয় কেনেকৈ, তেনেহলে?
ইন্সপেক্টৰ— তাৰ বাবেনো কি আহুকাল! গেজেটত মন কৰা নাইনে, তাৰ চুপাৰিণ্টেণ্ডেণ্টক বোৰ্ডৰ মেম্বৰ কৰি দিয়া হৈছে।
ডিপুটী— ৰক্ষকেই ভক্ষক নেকি ছাৰ?
(তিনিও ঘিক্ ঘিক্ কৈ এবাৰ হাঁহি ললে)
ইন্সপেক্টৰ— বাৰু আমাৰ কাম আমি কৰোহঁক।
ডিপুটী আৰু ইন্সপেক্টৰে তৎক্ষণাৎ লৰ মাৰি স্কুল ঘৰটোৰ দুয়োফালে সোমাল আৰু খচ্মচ্ কৰি বহীবোৰ ইন্সপেক্টৰ চাহাবৰ আগত দিলে। চাহাবে বহীবোৰ চাই চাই এটা বহী মেলি লৈ পণ্ডিতক মাতিলে।
[৯৮]