নাম, ছাত্ৰ সংখ্যা, পণ্ডিতৰ নাম, বিদ্যা, দৰমহা ইত্যাদি আহিল। চাহাবে অলপ পৰ চাই কলে, ‘অ! পণ্ডিতজন ট্ৰেইনিং পোৱা নহয়!’
ডিপুটী— নহয় ছাৰ।
ইন্সপেক্টৰ— ট্ৰেইনিং পাছ কৰা শিক্ষক পোৱা ইয়াত টান নেকি?
ডিপুটী— হয় ছাৰ, বৰ টান।
ইন্সপেক্টৰ— কিন্তু অলপতে স্কুল পৰিদৰ্শন কৰোঁতে মোক তাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াই কৈছিল যে, এই মহকুমাৰ কেইবাজনো ট্ৰেইনিং পাছ কৰা শিক্ষকে কাম নাপাই বহি আছে!
ডিপুটী অলপ বিপাঙত পৰিল। ছব-ইন্সপেক্টৰে মাত লগালে, ‘আছে হয়, ছাৰ। কিন্তু ট্ৰেইনিং পাছ কৰা মানুহবিলাকে ইমান দূৰলৈ আহিবলৈ ভাল নাপায়। এইবোৰ বৰ backward ঠাই!’
ডিপুটীয়ে উশাহ পাই লগাই দিলে, ‘আৰু ট্ৰেইনিঙৰ পৰা আহিলে গুৰুবোৰৰ বৰ ভেম হয়। সেইটোযে কি কাৰণে হয় কব নোৱাৰোঁ।’
ইন্সপেক্টৰ— ও হয় হয়! মই সেই কথা বেছ জানো! প্ৰথমতে সিহঁতে ‘দেউতা’ বা ‘হুজুৰ’ গুচাই ‘ছাৰ’ ‘ছাৰ’ বুলিবলৈ
লয়। প্ৰথমে থিয় হৈ মিলিটেৰী চালাম দিবলৈ শিকে। ও
৭