(২)
শালনিবাৰী স্কুলত আজি মহা হুলস্থুল। গাৱঁৰ গাওঁবুঢ়া আৰু পণ্ডিতে দুজনমান মানুহৰ হতুৱাই ঠাই চিকোণাইছে, ছাত্ৰকেইজনমানে কলপুলি পুতিছে; পণ্ডিতে নিজে আৰু গাওঁবুঢ়াৰ ল’ৰাই (যি মজলীয়া স্কুলত পঢ়ে— দুবছৰ হ’ল এই স্কুলৰ পৰাই পাছ কৰিছে) ৰঙা-ক’লা কাগজ কাটি ঘৰ সজোৱাত লাগিছে। আজি স্কুলৰ ইন্সপেক্টৰ চাহাব স্কুল পৰিদৰ্শন কৰিবলৈ আহিব।
ভাটীবেলা ৩টা বাজিবৰ সময়ত খোজ কাঢ়ি কাঢ়ি হেলি-দুলি ফোঁপাই-জোপাই ইন্সপেক্টৰ চাহাব, ডিপুটী ইন্সপেক্টৰ ডাঙৰীয়া আৰু ছব-ইন্সপেক্টৰ বাবু আহি স্কুলত উপস্থিত! পণ্ডিত, গাওঁবুঢ়া আৰু ছেক্ৰেটৰীয়ে কঁকাল হলাই, মাটি চুই চালাম দি ডাঙৰীয়াসকলক অভ্যৰ্থনা কৰিলে। ছাত্ৰকেইজন (সাধাৰণতে ৬/৭ জন উপস্থিত থাকে, আজি খাটি-খুটি কাবৌ-কোকালি কৰি ১৭ জনমান ছাত্ৰ কৰা হৈছে) থিয় হল। গাৱঁৰ মানুহ যি দুই-চাৰিজন গোট খাইছিল, সিহঁতে হেঁচাহেঁচি কৰি ডাঙৰীয়াসকলক বাট এৰি দিলে। সকলো সন্ত্ৰস্ত, নিস্তব্ধ।
ইন্সপেক্টৰ চাহাবে সুধিলে, অৱশ্যে ইংৰাজীত, ‘স্কুলখনৰ কি নাম’; ডিপুটীয়ে খৰধৰ কৰি আগেয়ে নিয়ম মতে তৈয়াৰী কৰি
থোৱা কাগজখন আনি চাহাবৰ হাতত দিলে; তাত স্কুলৰ