এইবুলি কৈয়েই চোলাৰ মোনাৰ ওপৰেদি মূৰ ওলাই থকা ফটা কিতাপৰ পাত কেইখিলান উলিয়াই আনিলে।
গোটেই হল নিমাত, নিস্তব্ধ!— হঠাৎ যেন বজ্ৰ পৰিল। অতুল ৰঙা পৰি থিয় হৈ কঁপিবলৈ ধৰিলে; আন ল’ৰাৰ বুকতো ধপ্ধপনি উঠিল।
সেৱাদাসে অতুলৰ উত্তৰৰ কাগজসোপা টোপোলা বান্ধি লৈ ক’লে,- “আহ, হেড্মাষ্টাৰৰ ওচৰলৈ।”
হেড্মাষ্টাৰৰ ওচৰ পাই সেৱাদাসে ক'লে— “ছাৰ, অতুলৰ জেপত এইবোৰ কিতাপৰ ফলা পাত। চাওক, জ্যামিতিৰ পাত। আজি ইহঁতৰ অঙ্কৰ পৰীক্ষা।”
হেড্মাষ্টাৰে ফলা পাতবোৰ চালে— হয়, জ্যামিতিৰ পাত! সুধিলে,— সি চাইছিল নেকি?”
সেৱাদাস— “চোৱা নাই হ’বপায়! মই কেইবাবাৰো মন কৰিছোঁ, তাৰ জেপৰ ওপৰেদি পাত কেইখিলামান ওলাই আছে। তিনি-চাৰিবাৰমান অহা-যোৱা কৰি শেষত তাক উঠিবলৈ কৈ চাওঁ যে এইসোপা।”
হেড্মাষ্টাৰে অতুলক বুদ্ধিমান আৰু চতুৰ ল’ৰা বুলি অলপ মৰম কৰে; আৰু তাৰ সম্পৰ্কৰ বাবে মনে মনে অলপ খাতিৰো কৰে। বিবেকী আৰু সমদৰ্শী সেৱাদাসৰ ঠিক এই কাৰণেই অতুলৰ ওপৰত তিমান সন্তোষৰ ভাব নাই।
হেড্মাষ্টাৰে সুধিলে— “অতুল! কিয় নকল কৰিছিলি?"