বিলাকক সম্বোধিলে; হে বন্ধু সকল! এই বিষ্ঠা বোৰে,
আমাক কি কৈছে বুজ পাইছা নে? সিবিলাকে উত্তৰ
দিলে, দেউ! আমি বুজ পোৱা নাই; অনুগ্ৰহকৈ, আপুনি
বুজাই দিয়ক। শ্যেখ চাহাবে কব ধৰিলে; বন্ধু সকল
শুনা; এই দুৰ্গন্ধময় মলবোৰে ইয়াকে কৈছে। “কালি,
হাট-বজাৰত আমি নানা তৰহৰ, উপাদেয়, সুখাদ্য ফল,
মূল, মিঠৈ-মিষ্টান্ন ৰূপে, দোকান, পোহাৰ জিলিকাই
আৰু শোভাকৈ আছিলোঁ; দোকানী, পোহাৰীয়ে, পৰম
যতনেৰে আমাক ৰখিছিলে, বেহাওঁতা সকলে, আমাক
বেহাবলৈ ব্যাকুলহৈ, মুঠিয়ে ২ ধন ভাঙ্গিছিলে। একেটি
ৰাতি মাথোন, তঁহতৰ সঙ্গত পৰি, সঙ্গ-দোষত, কুৎচিত,
নীহতকৈ নীহ অৱস্থা পাইছোঁ। এনিশাৰ সংসৰ্গতে,
যেতিয়া, দুৰ্গন্ধ মল-মূত্ৰৰ আকৃতি পালোঁ, সৰহ দিন লগ-
সঙ্গ কৰিলে, নাজানোঁ কি ভয়ানক বিলৈ হব; সেই
ভয়ত, বৰং আমি, তঁহতৰ গুৰিৰ পৰা আঁতৰি যাব লাগে;
কিন্তু, হায়! কি দুখৰ বিষয়, কি লাজৰ কথা, উলটি
তঁহতহে আমাৰ পৰা পলাইছ।”
ওপৰত যি ২ বিবৰণ দিয়া গল, তাৰ প্ৰকৃত মৰ্ম্ম এই; ইহজগতত, মানুহ অতি অসাঠন, নিতান্ত নিৰ্ব্বলী আৰু নিচেই নি সহায়। সিহঁতে, যদি এই পৰমাৰ্থ-দৰ্পণ পুথি খনি মন সংযোগ কৰি পুনঃ ২ পঢ়ে আৰু অনবৰত তাৰ অনুধাবন কৰে অৰ্থাৎ যি পঢ়িলে তাক মনৰ ভিতৰত